Public App Logo
বনগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ খেলপথাৰত বনগাঁও আঞ্চলিক তৰুণ ক্লাৱৰ উদ্যোগত মাজুলীবাসীৰ সহযোগত আজিৰ পৰা অনুষ্ঠিত হোৱা 'মাজুলীভিত্তিক প্ৰাইজমাণি ফুটবল প্ৰতিযোগিতা'ৰ শুভ উদ্বোধনী কৰে পূব মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ দীপক কুমাৰ বৰাই। ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান, বনগাঁও, মাজুলীৰ অধীক্ষক আনন্দ শ‌ইকীয়া, জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি গজেন নৰহ, বনগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ঋত্বিক কাশ্যপ, আঞ্চলিক পঞ্চায়তৰ সদস্য লেখন ভৰালী আদি বিশিষ্ট ব্যক্তিসকল উপস্থিত থকা অনুষ্ঠানৰ আঁত ধৰে লেখক-সাহিত্যিক কুশদীপ হাটীমতাই---- - Ujani Majuli Circle News