সোণাৰি: মথুৰাপুৰ ভকত গাওঁত এগৰাকী ২০ বছৰীয়া মহিলা নিৰুদ্দেশ সন্দৰ্ভত মথুৰাপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল পৰিয়ালৰ লোকৰ ৷
চৰাইদেউ জিলাৰ মথুৰাপুৰ থানাৰ এলেকাৰ মথুৰাপুৰ ভকত গাওঁৰ এগৰাকী ২০ বছৰীয়া মহিলা নিৰুদ্দেশ ৷ যোৱা দেওবাৰ ২ তাৰিখে মহিলাগৰাকী মথুৰাপুৰত দোকান কৰিবলৈ যোৱাৰ পৰাই নিৰুদ্দেশ হৈ আছে ৷মহিলা গৰাকীৰ নাম বৈশাগী খদাল বুলি জানিব পৰা গৈছে ৷ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে মথুৰাপুৰ থানাত আজি বিয়লি এজাহাৰ দাখিল কৰিছে ৷ মথুৰাপুৰ আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে ৷৷