সোণাৰি: চোমদাত গৰু চোৰৰ সন্ত্ৰাস, তিনিজন লোকৰ ছটাকৈ হালোৱা গৰু লৈ উধাও চোৰ
সোণাৰিৰ চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত চোমদাৰ গাঁৱৰ পৰা বৃস্পতিবাৰে আবেলি পাঁচ বজাত চোৰে আনন স্বপ্নৰ দুটা,নবীন গোৱালাৰ দুটা আৰু নৰেশ গোৱালাৰ দুটা মুঠ ছয়টা গৰু চোৰ হোৱা কাৰ্যই অঞ্চলটোত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।উল্লেখ্য যে অঞ্চলটোত ধাৰাবাহিক ভাবে গৰু চোৰ হোৱা কাৰ্যত দৰিদ্ৰ খেতিয়কে খেতিপথাৰ সময়ত জীয়াতু ভোগিব লগা হৈছে।