মাহমৰা: মাহমৰাৰ খুমটাইত ৪৪ টা গৃহৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনিৰ শুভ উদ্বোধন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত খুমটাইত আজি মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৪৪ টা আৱাসগৃহৰে এটা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কলনিৰ শুভ উদ্বোধন কৰাৰ লগতে গৃহপ্ৰৱেশ কাৰ্যসূচীৰো শুভাৰম্ভ কৰে ৷ লগতে মাহমৰা সমষ্টিত প্ৰায় এম জি এনৰেগা আঁচনিৰ ৯৭ লাখ টকা ব্যয়েৰে ১৯ টা আঁচনি শুভ উদ্বোধন কৰে মন্ত্ৰীজনে ৷ এই অনুষ্ঠানত মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া উৎপল গগৈ, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ উপস্থিত থাকে ৷