মাহমৰা: মাহমৰাৰ নপাম নামঘৰত 'বৰাহৰ পৃথিৱী উদ্ধাৰ' ভাওনা উদ্বোধন কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱাই
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত লুখুৰাখন নপাম গাঁৱৰ ৰাইজৰ উদ্যোগত আজি নিশা মহাপুৰুষ গুৰুজনাৰ অমৰ সৃষ্টি ভাওনা প্ৰদৰ্শন কৰা হয় ৷ স্থানীয় কেইবাখনো গাঁৱৰ কেইবাশ ৰাইজৰ উপস্থিতিত প্ৰদৰ্শিত বৰাহৰ পৃথিৱী উদ্ধাৰ নামৰ ভাওনাখনি শুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱ বৰুৱাই ৷