মাহমৰা: মৰাণহাটত 'কা'-ৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে মৰাণ মহাবিদ্যালয় ছাত্ৰ সমাজে
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত বৃহত্তৰ মৰাণ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজে আজি মহাবিদ্যালয় প্ৰৱেশদ্বাৰৰ সমূখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' আইনখনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ মৰাণ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত ৰূপায়ন কৰা এই কাৰ্যসূচীত অংশগ্ৰহন কৰি মহাবিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ৷