মাহমৰা: মাহমৰাৰ মিলন গাঁও পঞ্চায়তত 'উদ্যান শস্য আৰু চাহ খেতিৰ আঁচনি' শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱাই
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ মিলন পঞ্চায়তত আজি এমজি এনৰেগাৰ ব্যক্তিগত হিতাধিকাৰীৰ উদ্যান শস্য আৰু চাহ খেতিৰ আঁচনি শুভাৰম্ভ কৰে বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য নৱ বৰুৱাই ৷ এই আঁচনিৰ অধীনত প্ৰথম পৰ্যায়ত পঞ্চায়তটোৰ ১৮ টাকৈ পৰিয়ালক ৯৯ হাজাৰকৈ টকাৰ অনুদান প্ৰদান কৰা হৈছে ৷ এই অনুষ্ঠানত বিজেপি নেতাগৰাকীৰ লগতে মিলন পঞ্চায়তৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ তথা হিতাধিকাৰীসকল উপস্থিত থাকে ৷