মাহমৰা: মৰাণহাটত 'কা' আইনৰ বিৰুদ্ধে ক'লা পতাকা উত্তোলন কৰি আছুৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন
চৰাইদেউ জিলাৰ মৰাণহাটত অৱস্থিত আছুৰ মৰাণ আঞ্চলিক সমিতিৰ মুখ্য কাৰ্যালয়ৰ সমূখত আজি দুপৰীয়া নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' আইনৰ বিৰুদ্ধে ক'লা পতাকা উত্তোলন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আছুৰ মৰাণ আঞ্চলিক সমিতিয়ে ৷ এই কাৰ্যসূচীত অংশগ্ৰহন কৰি আছুৰ কৰ্মকৰ্তাসকলে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ৷ এই প্ৰতিবাদৰ পাছতে প্ৰতিবাদস্থলীত মৰাণহাট আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ পৰা ক'লা পতাকা লৈ যায় ৷