মাহমৰা: মাহমৰাৰ পাটসাঁকোত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভাৰ প্ৰস্তুতিৰ বুজ ল'লে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত পাটসাঁকোত উপস্থিত হৈ আজি বিয়লি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে অহা বুধবাৰে পাটসাঁকো ৰাজহুৱা খেলপথাৰত যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহন কৰিবলগীয়া নিৰ্বাচনী প্ৰচাৰসভাৰ অগ্ৰগতিৰ বুজ লয় ৷ এই সময়চোৱাত কেবিনেট মন্ত্ৰীগৰাকীৰ লগতে চৰাইদেউ জিলা কৃষক মৰ্চাৰ সভাপতি দেৱজিত চাউৰকসহ দলীয় বিষয়ববীয়া আৰু চৰাইদেউ জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷