মাহমৰা: কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মৰাণহাটত একাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপি দলত যোগদান
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত আজি বিয়লি কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহ কাৰ্যালয়ত মাহমৰা সমষ্টিৰ অন্তৰ্গত চফ্ৰাই মণ্ডলৰ ১২২ নং বুথৰ পৰা গোপাল মাঝি, ইনজামূল আহমেদ আৰু আজৰ আহমেদসহ কেইবাগৰাকীও সক্ৰিয় কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷ মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে আটাইকেইগৰাকী লোককে দলীয় টুপী আৰু অংগবস্ত্ৰৰে বিজেপি দললৈ উষ্ম আদৰণি জনায় ৷