মাহমৰা: চেপনত বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে আছুৰ কেন্দ্ৰীয় সমিতিৰ নেতা বিতোপন চাংমাই
চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত চেপন হাইস্কুল খেলপথাৰ প্ৰাংগনত চেপন ক্ৰীড়া আৰু সাংস্কৃতিক কেন্দ্ৰৰ উদ্যোগত যোৱা ২৭ মাৰ্চৰ পৰা অনুষ্ঠিত হোৱা চ'তে গৈয়ে গৈয়ে ব'হাগ শীৰ্ষক বিহুনাচ আৰু ঢোলবাদন কৰ্মশালাৰ আজি বিয়লি সামৰণি পৰে ৷ এই সামৰণি অনুষ্ঠানত আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বিতোপন চাংমাই, বিশিষ্ট লোক সংস্কৃতিৰ সাধক ৰবিন ভৰালীসহ বহুকেইগৰাকী গন্যমান্য ব্যক্তি উপস্থিত থাকে ৷