শিৱসাগৰত যোৰহাট আৰক্ষীৰ অভিযান।
দুই ডকাইতক খেদি খেদি শিৱসাগৰ মৰনৈকিনাৰ পৰা আটক কৰে শিৱসাগৰ আৰক্ষীয়ে
আটকাধীন ডকাইত দুটাৰ নাম আছিকুৰ আলম(২৫) আৰু জাকিৰ হুছেইন (২৬) ।
লগতে আৰক্ষীয়ে জব্দ কৰে এ এছ ০২ এম ২৯৫১ নম্বৰৰ চিভ'লেটৰ গাড়ী।
১৫ অক্টোবৰৰ নিশা যোৰহাট পুলিবৰত চাৰিজনীয়া ডকাইতৰ দলে ডকাইতি কৰি AS 21 AC 2702 নম্বৰৰ বলেৰ' পিক আপৰ পৰা লুটিছিল ধন।
বলেৰ' পিকাপ আগভেটি ধৰি কাঢ়ি লৈছিল দুই লক্ষাধিক টকা।
আৰক্ষীয়ে দুই ডকাইতক আজি আটক কৰে যদিও বৰ্তমানেও পলাতক দুটা ডকাইত।
বিগত ১৫ অক্টোবৰৰ নিশা ডিব্ৰুগড়লৈ আহি থকা এ এচ ২১ এ চি, ২৭০২ নম্বৰৰ বলেৰ বাহনখনত চাৰিজনীয়া এটা ডকাইতৰ দলে যোৰহাট পুলিবৰত এক ডকাইতিৰ ঘটনা সংঘটিত কৰিছিল ৷
ডকাইতৰ দলটো উঠি অহা এ এচ ০২ এম, ২৯৫১ নম্বৰৰ চেভ্ৰলেট গাড়ী এখনো আৰক্ষীয়ে লুকুৱাই থোৱা স্থানৰ পৰা জব্দ কৰিছে ৷
সেই নিশা ডকাইতৰ দলটোৱে ওমৰ আলি নামৰ ব্যৱসায়ীজনৰ পৰা নগদ দুই লাখ টকা লুটি নিছিল ৷
ভূক্তভোগী ওমৰ আলিৰ এজাহাৰৰ ভিত্তিত ডি এচ পি ৰিচাৰ্ড বাইলুং, পুলিবৰ আৰক্ষীৰ আৰক্ষী থানাৰ চক্ৰ বিষয়া ভৱেন দিহিঙীয়া,ভাৰপ্ৰাপ্ত বিষয়া চাংপিং চমুং আৰু বিশেষ শাখাৰ প্ৰদীপ চেতিয়াৰ নেতৃত্বত অহা দলে আজি পুঁৱতি নিশা আটক কৰিবলৈ সক্ষম হয় ৷
ঘটনাৰ লগত জড়িত আৰু দুটা কূখ্যাত ডকাইত পলাতক অৱস্থাত আছে ৷
আৰক্ষীৰ দলটোৱে ঘটনাৰ লগত পৰোক্ষ্য ভাৱে জড়িত থকা আৰু তিনিজন যুৱককো আটক কৰিছে।
যোৰহাট আৰক্ষীয়ে শিৱসাগৰৰ পৰা ইতিমধ্যে যোৰহাটলৈ লৈ গৈছে ।
#highlight
#everyone
#follower
#highlightseveryone