সোণাৰি: চৰাইদেউ পঞ্চায়তত ঘৰে ঘৰে মিত্ৰজোঁট কাৰ্যসূচীত উপস্থিত থাকে অগপৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি পূৰ্ণানন্দ চুতীয়া
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ পঞ্চায়তত আজি ঘৰে ঘৰে মিত্ৰজোঁট কাৰ্যসূচীৰ জৰিয়তে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সমৰ্থনত প্ৰচাৰ অভিযান চলাই অগপ-বিজেপি মিত্ৰজোঁটৰ বিষয়ববীয়াই ৷ এই কাৰ্যসূচীত যোৰহাট লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ সহধৰ্মিণী বিনিতা গগৈ, অসম গণ পৰিষদৰ মাহমৰা সমষ্টিৰ সভাপতি পূৰ্ণানন্দ চুতীয়া, যুটীয়া সম্পাদক ভৱানী গগৈ আৰু নৱজিৎ গগৈ, অসম ছাত্ৰ পৰিষদৰ মাহমৰা সমষ্টি সমিতিৰ সভাপতি নৱদ্বীপ চুতীয়া উপস্থিত থাকে ৷