সোৱণশিৰি ভাগ: দেওবাৰৰ পৰা ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌলৎসৱ অনুষ্ঠিত
দেওবাৰৰ পৰা আৰম্ভ হৈছে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌলৎসৱৰ।দৌলৎসৱৰ উপলক্ষে আবিৰ ৰঙেৰে সত্ৰৰ চৌহদ ৰঙীন হৈ পৰাৰ লগতে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে থানৰ চৌদিশ। পুৱাৰ ভাগত প্ৰাতঃ প্ৰসংগ অনুষ্ঠিত হোৱাৰ লগতে আইনাম,দিহানাম, ভাগৱত পাঠ,ভাওনা প্ৰদৰ্শন আদি কাৰ্যসূচী অনুষ্ঠিত হয় ।