সোণাৰি: চ্যুকাফা পৰ্যটন ভৱনত HSLC আৰু HS পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীক চৰাইদেউ আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান
চ্যুকাফা পৰ্যটন ভৱনত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত কৃতিত্ব অর্জন কৰা শিক্ষাৰ্থীসকলক অভিনন্দন তথা সম্বর্ধনা জনোৱাৰ উদ্দেশ্যে এক বিশেষ অভিনন্দন" অনুষ্ঠান অনুষ্ঠিত কৰা হয়। চৰাইদেউ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটি চলিব বৰ্ষৰ ১২০ গৰাকী কৃতি ছাত্রছাত্রীক সম্বৰ্দ্ধিত কৰা হয়। অনুষ্ঠানটি সর্বোচ্চ নম্বৰ প্ৰাপ্ত এক বিশেষ বঁটাটি আগবঢ়াই প্রাক্তন ছাত্রনেতা শৈল্যান ফুকনে।