মাহমৰা: কেবিনেট মন্ত্ৰী যোগেন মহনৰ উপস্থিতিত মৰাণহাটত অৰ্দ্ধশতাধিক লোকৰ বিজেপি দলত যোগদান
চৰাইদেউ জিলাৰ মৰাণহাট জ্যোতিপুৰত অৱস্থিত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ বাসগৃহ কাৰ্যালয়ত আজি এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় ৷ এই কাৰ্যসূচীত মাহমৰা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন দলৰ অৰ্দ্ধশতাধিক লোকে বিজেপি দলত যোগদান কৰে ৷ কাৰ্যসূচীত কেবিনেট মন্ত্ৰী যোগেন মহন, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক নৱ বৰুৱা, চৰাইদেউ জিলা সমিতিৰ সাধাৰণ সম্পাদক অজন্ত বৰুৱা, মাহমৰা গ্ৰাম্য মণ্ডল বিজেপিৰ সভাপতি হৰেন গগৈ আদি উপস্থিত থাকি নৱাগতসকলক উষ্ম আদৰণি জনায় ৷