মাহমৰা: মাহমৰাৰ সেউজীপথাৰত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ লাইখুঁটা স্থাপন কৰে কেবিনেট মন্ত্ৰী যোগেন মহনে
চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ সেউজীপথাৰত সুৰুজমুখী যুৱ সংঘৰ উদ্যোগত আৰু বৃহত্তৰ মাহমৰাবাসীৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ আজি লাইখুঁটা স্থাপন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ৷ এই অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি, সুৰুজমুখী যুৱ সংঘৰ বিষয়ববীয়া আৰু স্থানীয় বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷