মাহমৰা: মৰাণহাটত বিনামূলীয়া লোকবাদ্য আৰু বিহুনাচ কৰ্মশালাৰ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত কেবিনেট মন্ত্ৰী যোগেন মহন
মৰাণহাটত অৱস্থিত মৰাণ বালিকা উ:মা:বিদ্যালয়ৰ প্ৰাঙ্গনত আজি অগ্ৰণী সাংস্কৃতিক অনুষ্ঠান সমন্বয় সাংস্কৃতিক বিকাশ মঞ্চৰ উদ্যোগত নৱম বাৰ্ষিক বিনামূলীয়া লোকবাদ্য আৰু বিহুনাচ কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয় ৷ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে মাহমৰা সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহন,টাইপাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি নিপন ফুকন,চৰাইদেউ জিলা যুৱ কংগ্ৰেছৰ সভাপতি গকুল গগৈকে ধৰি বহুসংখ্যক লোক উপস্থিত থাকে ৷