মাহমৰা: মৰাণহাটত 'কা' বাতিল আৰু জনজাতিকৰণৰ দাবীত 'টাইপা'-ৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত বৃহৎ প্ৰতিবাদী সমদল
চৰাইদেউ জিলাৰ মৰাণহাটত আজি নাগৰিকত্ব সংশোধনী আইন বাতিল আৰু আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰে টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ 'টাইপা'ই ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ৰূপায়ন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উজনিৰ বিভিন্ন জিলাৰ পৰা অহা টাইপা সদস্যসকলে অংশগ্ৰহন কৰি বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে ৷ মৰাণ লায়ন্স ক্লাৱৰ পৰা মৰাণহাটৰ ট্ৰেফিক তিনিআলিলৈকে সমদল কৰাৰ পাছত ৰাজপথতে এক প্ৰতিবাদী সভা অনুষ্ঠিত কৰে