সাপেখাতী: বৰহাটত আঞ্চলিক বন বিষয়াৰ মানসিক-শাৰীৰিক অত্যাচাৰ ফলত ৰাতুল গগৈ নামৰ এজন বন কৰ্মীৰ আত্মহত্যা
বৰহাট আঞ্চলিক বন কাৰ্য্যালয়ৰ বন বিষয়াৰ মানসিক-শাৰীৰিক অত্যাচাৰ ফলত ৰাতুল গগৈ নামৰ এজন বন কৰ্মীয়ে আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ।সোমবাৰে সহকৰ্মীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।উল্লেখ্য যে,বৰহাট আঞ্চলিক বন বিষয়াৰ কাৰ্য্যালয়ত কৰ্মৰত হৈ থকা ৰাতুল গগৈক বন বিষয়া ময়ুৰ ভৰদ্বাজে সহকৰ্মীৰ আগত বেয়াকৈ মাৰপিট কৰা বাবে মানসিক চাপত ভুগি আত্মহত্যা কৰে।