সাপেখাতী: বৰহাট বাগিচাৰ ১নং বস্তীত পুনৰ নাহৰফুটুকী বাঘৰ সন্ত্ৰাস, এটা গৰু ভক্ষণ
বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বৰহাট চাহ বাগিচাত নাহৰফুটুকী বাঘে আজি শনিবাৰে সন্ধিয়া ৫-৩০বজাত এটা গৰু বাগিচালৈ চোঁচৰাই নি ভক্ষণ কৰে। উল্লেখ্য যে বৰহাট আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন অঞ্চলত নাহৰফুটুকী বাঘে ধাৰাবাহিক ভাৱে গৰু,ছাগলী, গাহৰি খাই সন্ত্ৰাস সৃষ্টি কৰি থকা সময়তে আজি পুনৰ বৰহাট চাহ বাগিচাৰ এটা নলাত নাহৰফুটুকী বাঘে এটা গৰু নিহত কৰি ভক্ষণ কৰে।