সাপেখাতী: বৰুৱানগৰত সুন্দৰপুৰ চাহ শ্রমিক সমূহীয়া কল্যান কেন্দ্ৰৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিৱিৰ সম্পন্ন
সুন্দৰপুৰ চাহ বাগিচা, চৰাইদেউ জিলা সাহিত্য সভা, আটছা বৰুৱানগৰ উপ-শাখা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰুৱানগৰ আঞ্চলিক সমিতিৰ সহযোগত শনিবাৰে ১১ বজাত সুন্দৰপুৰ চাহ শ্রমিক সমূহীয়া কল্যাণ কেন্দ্রত বিনামূলীয়া চিকিৎসা শিৱিৰ সম্পন্ন হয়। শিৱিৰত শিশু, প্রসূতি, মেডিচিন, স্নায়ু, দাঁত আৰু চকু চিকিৎসা কৰা হয় । এই শিবিৰত অসম চিকিৎসা মহাবিদ্যালয়,ডিব্ৰুগড়ৰ বিশেষজ্ঞ চিকিৎসকৰ দলটিয়ে চিকিৎসা সেৱা আগবঢ়ায়।