সাপেখাতী: বৰহাটৰ নগাশিলনীত অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই তিনিটা চুলাই ভাতি ধ্বংস কৰে
নগাশিলনীত আবকাৰীৰ এটা দলে দেওবাৰে চুলাই মদৰ বিৰুদ্ধে অভিযান চলাই তিনিটা চুলাই ভাতি ধ্বংস কৰে।উল্লেখ্য যে চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চুলাই মদ মুক্ত কৰাৰ উদ্দেশ্যে আবকাৰী বিভাগে অভিযান চলাই থকাৰ সময়তে আজি নগাশিলনীত চুলাই ভাতি ধ্বংস কৰাৰ লগতে প্ৰায় ৬০০ লিটাৰ চুলাই বনাবলৈ ৰখা পাচ নষ্ট কৰে।