নিৰ্বাচনত বিজয়ৰ পাছত প্ৰথমবাৰৰ বাবে সমষ্টিত উপস্থিত বিধায়ক অখিল গগৈ
নিৰ্বাচনত বিজয়ী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে নিজৰ সমষ্টিত উপস্থিত হয় বিধায়ক অখিল গগৈ। মাতৃৰ অসুস্থতা আৰু পৰৱৰ্তী সময়ত তেওঁৰ পৰলোকপ্ৰাপ্তিৰ বাবে ইমানদিনে সমষ্টিত উপস্থিত হ'ব নোৱাৰা বুলি তেওঁ উল্লেখ কৰে।
সমষ্টিত উপস্থিত হৈয়ে সংবাদ মাধ্যমৰ সন্মুখত শিৱসাগৰৰ সামগ্ৰিক উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনি আৰু চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহৰ খতিয়ান দাঙি ধৰে বিধায়কগৰাকীয়ে।
আজি তেওঁ ঐতিহাসিক যমুনা চাফাইকৰণ, সংৰক্ষণ আৰু শোভাবৰ্ধন প্ৰকল্পৰ কাম পৰিদৰ্শন কৰাৰ লগতে শিৱসাগৰ আৱৰ্ত ভৱনৰ নিৰ্মাণকাৰ্য্যৰ অগ্ৰগতিও পৰ্যালোচনা কৰে। উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত ৯ কোটি টকাৰো অধিক ব্যয়সাপেক্ষে ঐতিহাসিক যমুনাৰ চাফাইকৰণ, সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল অখিল গগৈয়ে। আনহাতে, ১২.৫০ কোটি টকা ব্যয়সাপেক্ষে শিৱসাগৰ আৱৰ্ত ভৱনৰ নিৰ্মাণকাৰ্য্যও দ্ৰুতগতিত চলি আছে।
যমুনাৰ চাফাইকৰণ সম্পূৰ্ণ হোৱাৰ পিছত সমগ্ৰ এলেকাটো ফেঞ্চিংৰে সুৰক্ষিত কৰা হ'ব বুলি জানিবলৈ দিয়ে বিধায়কগৰাকীয়ে। লগতে শিৱসাগৰ নগৰবাসীক ঐতিহাসিক যমুনাত মল-মূত্ৰ বা আৱৰ্জনা নেপেলাবলৈ আহ্বান জনাই তেওঁ কয় যে, এই ঐতিহ্য সংৰক্ষণৰ দায়িত্ব সকলোৰে।
ইতিমধ্যে শিৱসাগৰত কেইবাটাও নতুন উন্নয়নমূলক প্ৰকল্প আৰম্ভ হৈছে বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে, আগন্তুক বাজেট অধিবেশনত শিৱসাগৰৰ উন্নয়নৰ বাবে শ-কোটি টকাৰ বিশেষ পূঁজিৰ দাবী উত্থাপন কৰিব।
ইয়াৰ উপৰিও, শিৱসাগৰৰ জিলা আয়ুক্তৰ কাৰ্যালয় ডিমৌ সমষ্টিলৈ স্থানান্তৰ কৰাৰ কোনো ষড়যন্ত্ৰ সফল হ'বলৈ নিদিয়াৰ দৃঢ় সংকল্প ব্যক্ত কৰি তেওঁ এই সন্দৰ্ভত কটাক্ষ কৰে।
শিক্ষা খণ্ডৰ উন্নয়নৰ বাবে শিৱসাগৰত এখন আইন মহাবিদ্যালয়, এখন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু এখন নাৰ্চিং কলেজ স্থাপনৰ দাবী উত্থাপন কৰাৰ কথাও সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰে। লগতে ভৱিষ্যতে শিৱসাগৰলৈ এখন আই আই টি অথবা আই আই এমৰ দৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উচ্চ শিক্ষানুষ্ঠান আনিবলৈ প্ৰচেষ্টা চলোৱাৰ আশ্বাস দিয়ে।
শেষত, ঐতিহাসিক যমুনাৰ বেদখল কৰি থকা লোকসকলক স্বেচ্ছাই সেই স্থান এৰি যাবলৈ আহ্বান জনাই অখিল গগৈয়ে কয় যে, ঐতিহ্য সংৰক্ষণৰ স্বাৰ্থত সকলোৱে সহযোগিতা আগবঢ়োৱা উচিত।
#followerseveryone #followforfollowback #highlights #highlightseveryone