শিৱসাগৰৰ শ্ৰীশ্ৰী শলগুৰি সত্ৰৰ কীৰ্তিকমল দেৱ গোস্বামীক গ্ৰেপ্তাৰৰ প্ৰসংগ।
শলগুৰি নাট্যমন্দিৰত সংবাদমেল ৰাইজৰ।
ঘটনাটো কিছু কিছু সংবাদ মাধ্যমত বিকৃত ৰূপত প্ৰচাৰ হোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ।
কীৰ্তিকমল দেৱ গোস্বামী অভিযুক্তহে, এতিয়াও অপৰাধী বুলি আদালতে ৰায় দিয়া নাই। তেনেস্থলত তেওঁক অপৰাধী বুলিয়েই কিছুমানে প্ৰচাৰ কৰাটো যুক্তিসংগত নহয়। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শলগুৰিৰ ৰাইজে।
অন্যহাতে একাংশ নিউজ পৰ্টেলত ডেকা সত্ৰাধিকাৰক গ্ৰেপ্তাৰ বুলি প্ৰচাৰ কৰা কথাটোশুদ্ধ নহয় বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ ৰাইজৰ। কীৰ্তিকমল দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰ নহয় বুলি স্পষ্ট কৰি এইক্ষেত্ৰত কীৰ্তিকমল দেৱ গোস্বামীৰ পিতৃক তথা ডেকা সত্ৰাধিকাৰক টানি নানিবলৈ সংবাদ মাধ্যমৰ প্ৰতি আহ্বান ৰাইজৰ।