সোণাৰি: অসম গণ পৰিষদৰ চৰাইদেউ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি গকুল বুঢ়াগোহাঁইৰ মৃত্যু, শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ
অসম গণ পৰিষদ দলৰ চৰাইদেউ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি গকুল বুঢ়াগোহাঁইৰ যোৱানিশা মৃত্যু হয়। নিমনাগড় ইকৰাণী গাঁৱৰ নিৱাসী ১৯২৬ চনৰ জানুৱাৰী মাহত জন্মগ্ৰহণ কৰা গকুল বুঢ়াগোহাঁইৰ শেষ ক্ষণত অগপৰ মাহমৰা বিধান পৰিষদৰ উপ-সভাপতি ইমতিয়াজ ইচলাম বড়াৰ সৈতে দলৰ বিষয়ববীয়া প্ৰবীণ চেতিয়া, ৰঞ্জিত গগৈ, চুখেন ৰাজকোঁৱৰৰ লগতে কেইবাজনো কৰ্মী উপস্থিত থাকি দলৰ হৈ নশ্বৰ দেহত শ্ৰদ্ধা জ্ঞাপন কৰে।