সোণাৰি: বন বিষয়াৰ নেতৃত্বত যোৱা দলে দুষ্কৃতিকাৰীলৈ গুলীচালনা কৰিছিল, নামতোলাৰ অভয়পুৰত গুলিচালনাৰ ঘটনাৰ সন্দৰ্ভত বন বিষয়াৰ মত
সোণাৰি অভয়পুৰ বনাঞ্চলত গুলীচালনা,বন বিষয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ। চৰাইদেউ জিলাৰ সোণাৰি অভয়পুৰ বনাঞ্চলত মঙলবাৰে সংঘটিত হৈছিল এক গুলীচালনা ঘটনা।ঘটনাত এজন লোক আহত হৈছিল।ইয়াৰ পাছতেই বুধবাৰে বন বিভাগৰ তৰফৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বন বিষয়াই।বন বিষয়াৰ নেতৃত্বত যোৱা দলে দুস্কৃতিকাৰীলৈ গুলীচালনা কৰিছিল।এই গুলীচালনাতেই দুস্কৃতিকাৰী আহত হব পাৰে বুলি মন্তব্য প্ৰকাশ কৰে।