সোণাৰি: নামতোলাত অঘটন, নগাৰ গুলিত আহত হʼল শ্ৰমিক, ডিব্ৰুগড় অসম মেডিকেল কলেজ চিকিৎসালয়লৈ প্ৰেৰণ
গুলিবিদ্ধ শ্ৰমিক জনৰ নাম সুৰেশ মুণ্ডা । নামতোলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত হয় এই ঘটনা । নামতোলাৰ শ্ৰমিক জনৰ গৰু বিচাৰি যাওঁতে তিনি জনীয়া নগা দুৰ্বৃত্তৰ দলটোৱে খাজা বন্দুকেৰে দুই জাই গুলি কৰে । হাত আৰু ভৰিত গুলিবিদ্ধ হয় শ্ৰমিক জন । গুলিবিদ্ধ শ্ৰমিক জনক ততালিকে চৰাইদেউ জিলা চিকিৎসালয় লৈ অনা হয় । লোকজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড় অসম মেডিকেল কলেজ চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে ।