সোমবাৰ দিনা ৰাতিপুৱা ১১.৩০ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ বনৰগাঁৱ আৰু দোতমা পৰিষদিয় সমিষ্টি অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ উদ্যোগত আফলাগাঁৱ ৰাজহুৱা খেল পথাৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা উপস্থিত থাকি কয় যে বিটিচিত জিমান উন্নয়নৰ কাম হৈছে এইটো বিজেপি চৰকাৰৰ দ্বাৰা হৈছে বিটিচিত বিজেপি আহিলে উন্নয়নৰ কাম আৰু বেছিকে হ'ব বুলি তেওঁ ৰাইজক জানিবলৈ দিয়ে