মৰিগাঁও: আঁহতগুৰি আঞ্চলিক শ্ৰীশ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰত অনুষ্ঠিত শংকৰ উৎসৱত উপস্থিত মন্ত্ৰী পিযুষ হাজৰিকা
আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ আৱিৰ্ভাব তিথি শংকৰ উৎসৱ। সমগ্ৰ ৰাজ্যৰ লগতে আঁহতগুৰি আঞ্চলিক শ্ৰীশ্ৰীমন্ত শংকৰগুৰু কীৰ্তনঘৰ আৰু নাটঘৰত শংকৰ উৎসৱ অনুষ্ঠিত কৰা হয়। আজি অনুষ্ঠিত এই শংকৰ উৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। মন্ত্ৰীজনে শংকৰ উৎসৱৰ কাৰ্যসূচীত উপস্থিত হৈ ৰাইজৰ আশীৰ্বাদ গ্ৰহণ কৰাৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰে।