সোণাৰি: চৰাইদেউত ৯৬ নং বুথত অনুষ্ঠিত বিজেপিৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
আজি সাপেখাতী মণ্ডলৰ উদ্যোগত মণ্ডলৰ সভাপতি জয়ন্ত বৰুৱা আৰু ৯৬ নং বুথৰ সভাপতি গিয়াছ উদ্দিন আহমেদৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ । উক্ত সভাত সাপেখাতী মণ্ডলৰ সম্পাদক নকুল দত্ত, ৰজাপুখুৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি দেবজিত হাজৰিকা, কাৰ্যালয় সম্পাদক বিপিন গগৈ উপস্থিত আছিল।