সোণাৰি: শিমলুগুৰিত লেঙিবৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছৰ প্ৰাক্তন আঞ্চলিক পঞ্চায়তৰ সদস্যাৰ বিজেপি দলত যোগদান
শিৱসাগৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইৰ উপস্থিতিত লেঙিবৰ গাঁও পঞ্চায়তৰ কংগ্ৰেছ দলৰ আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সদস্যা তথা সভানেত্রী পূর্ণিমা পানিকাই বিজেপিৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ লেঙিবৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত ১৪২নং বুথৰ সভাপতি শংকৰ কুমাৰ তাঁতীৰ নেতৃত্বত দলটোত যোগদান কৰে। পূর্ণিমা পানিকাৰ আগমনত দলটো আৰু অধিক শক্তিশালী হ'ব বুলি বিশ্বাস ব্যক্ত কৰে শিৱসাগৰ জিলা বিজেপিৰ সভাপতিজনে।