সোণাৰি: চৰাইদেউ জিলাত সমাগত নিৰ্বাচন সন্দৰ্ভত গেছ চিলিণ্ডাৰ জৰিয়তে প্ৰচাৰ কাৰ্যসূচী সম্পন্ন চৰাইদেউ জিলা প্ৰশাসনৰ।
চৰাইদেউ নিৰ্বাচনী জিলাৰ প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্ৰহণ (SVEEP) কোষৰ উদ্যোগত সমাগত সাধাৰণ নিৰ্বাচন সন্দৰ্ভত প্ৰতিটো গেছ এজেঞ্চিৰ জৰিয়তে ব্যাপক সজাগতামূলক প্ৰচাৰ অভিযান অব্যাহত ৰখা হৈছে। এই গেছ এজেঞ্চিসমূহত মজুত থকা প্ৰতিটো গেছ চিলিণ্ডাৰতেই আগন্তুক সাধাৰণ নিৰ্বাচনৰ বিষয়ত তথ্য-সম্বলিত প্ৰচাৰ-পত্ৰ লগোৱা হৈছে। ইয়াৰ জৰিয়তে উপভোক্তাসকল ভোটদানৰ গুৰুত