সোণাৰি: বৰহাটৰ বিহুবৰ গাঁৱত নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহন কৰে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে
চৰাইদেউ জিলাৰ সোণাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰহাটৰ বিহুবৰ গাঁৱৰ কালী মন্দিৰত যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ এখন নিৰ্বাচনী প্ৰচাৰসভাত অংশগ্ৰহন কৰে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ৷ সভাত বিধায়কজনৰ লগতে বৰহাট মণ্ডলৰ সভানেত্ৰী পূৰবী গগৈ, অসম গণ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নাৰায়ণ লাহন, সোণাৰি সমষ্টি কমিটীৰ সভাপতি মাখন ফুকন, সম্পাদিকা জুনমনি চাংমাই, বৰ্ণালী বুঢ়াগোহাঁই আদি উপস্থিত থাকে ৷