শনিবাৰৰ দিনা বিয়লি ৪ বজাত কোকৰাঝাৰ জিলাৰ বিটিচিৰ ১২নং ছালাকাটি পৰিষদিয় সমিষ্টি অন্তৰ্গত কালিপুখুৰীৰ হাৰিয়া মণ্ডল বাখৰা পথাৰত ছালাকাটি বিপিএফ ব্লক সমিতিৰ উদ্যোগত বিপিএফৰ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় উক্ত নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰিয়ে কয় যে বিপিএফৰ মনোনীত প্ৰাৰ্থীক জয়ী কৰাৰ আহ্বান জনোৱাৰ লগতে বিপিএফৰ চৰকাৰ গঠন কৰাত সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়