সাপেখাতী: সাপেখাতীত যুৱ মৰ্চাৰ নিৰ্বাচনী প্ৰচাৰ তুংগত, সভাত যুৱ মৰ্চা,চৰাইদেউ জিলা সমিতিৰ সভাপতি ৰূপম গগৈ
সাপেখাতী অঞ্চলৰ বুথ সমূহত যুৱ মৰ্চা, বিজেপি সাপেখাতী মণ্ডলৰ উদ্যোগত শুক্ৰবাৰে সন্ধিয়া ছয় বজাত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে।নিৰ্বাচনী সভাত চৰাইদেউ জিলাৰ বিজেপি যুৱ মৰ্চাৰ সভাপতি ৰূপম গগৈ,অসম প্ৰদেশৰ মিডিয়া আহ্বায়ক পৱি গগৈ ,সাপেখাটি মণ্ডলৰ সভাপতি নিপন গগৈ জিন্টোপাল, অপূৰ্ব দাস ,চন্দন বৰুৱা,মুন গগৈয়ে অংশগ্ৰহণ কৰে।