সাপেখাতী: আহুখাতত বিজেপি মহিলা মৰ্চা,বৰহাট মণ্ডলৰ উদ্যোগত নিৰ্বাচনী প্ৰচাৰ তুংগত
লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলৰ লগতে মহিলা মৰ্চাৰ তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।আনহাতে শুক্ৰবাৰে আবেলি ৪-৩০বজাত বৰহাট মণ্ডল মহিলা মৰ্চা, উদ্যোগত আহুখাতত নিৰ্বাচনী সভা অনুষ্ঠিত হয়।সভাত মহিলা মৰ্চা বৰহাট মণ্ডলৰ সভানেত্ৰী সংগীতা গগৈ,উপ;সভানেত্ৰী শান্তি গগৈ ,প্ৰভাৰী অনিতা বুঢ়াগোহাঁই প্ৰমুখ্যে কেইবাজনো বিজেপি নেতাই ৰাইজক বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক ভোট দিবলৈ ৰাইজক আহ্বান জনায়।