সোণাৰি: ভজো চাংমাই গাঁৱত মিত্ৰদল অগপৰ নিৰ্বাচনী প্ৰচাৰসভাত উপস্থিত থাকে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ অন্তৰ্গত ভজো চাংমাই গাঁৱত আজি বিয়লি যোৰহাট লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী, সাংসদ তপন কুমাৰ গগৈৰ হৈ মিত্ৰদল অসম গণ পৰিষদে এক নিৰ্বাচনী প্ৰচাৰসভা অনুষ্ঠিত কৰে ৷ এই সভাত সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছা, তাই আহোম উন্নয়ন পৰিষদৰ সদস্য গিৰিণ গগৈ, অসম গণ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ সভাপতি নাৰায়ণ লাহন, সম্পাদক ৰমেন চেতিয়াসহ বহুসংখ্যক দলীয় বিষয়ববীয়া উপস্থিত থাকে ৷