মাহমৰা: মাহমৰাৰ নাহৰতলিত চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত বৈজ্ঞানিক পদ্ধতিৰে এৰিমূগা পালনৰ সম্পৰ্কত প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন
চৰাইদেউ জিলাৰ মাহমৰা উন্নয়ণ খণ্ডৰ অন্তৰ্গত নাহৰতলি গাঁৱত জিলা কৃষি বিভাগৰ উদ্যোগত কৃষি প্ৰযুক্তি আৰু ব্যৱস্থাপনা সংস্থা, চমুকৈ আটমাৰ সহযোগত বৈজ্ঞানিক পদ্ধতিৰে এৰিমূগা পালনৰ সম্পৰ্কত অনুষ্ঠিত প্ৰশিক্ষণ কৰ্মশালা বিয়লি প্ৰায় ৪ বজাত সামৰণি পৰে ৷ বৈজ্ঞানিক পদ্ধতিৰে এৰিমূগা পালনৰ জৰিয়তে দক্ষতা নিৰ্মাণ আৰু কৌশল বিকাশ সম্পৰ্কীয় এই কৰ্মশালাত স্থানীয় অৰ্দ্ধশতাধিক মহিলাই অংশগ্ৰহন কৰে ৷