বুধবাৰে বিয়লি প্ৰায় ৩ বজাত তিনিচুকীয়াত জিলা কংগ্ৰেছৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈ যায় । ১০ নবেম্বৰত পুনৰ কংগ্ৰেছত হ’ব বৃহৎ যোগদান কাৰ্যসূচী । সভাত দলৰ সাংগঠনিক দিশত আলোচনা কৰা হয় । অহা ১০ নবেম্বৰ ২০২৫ তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যুৱ ৰাজনীতিবিদ গৌৰৱ গগৈ তিনিচুকীয়াৰ বিজুলীবন আৰু গাভৰুভেটি পঞ্চায়তৰ অন্তগৰ্ত অঞ্চলত উপস্থিত হব ৷ ৫০০০ জন বিভিন্ন দল সংগঠনৰ ব্যক্তিয়ে জাতীয় কংগ্ৰেছ দলৰ প্ৰতি আস্থা ব্যক্ত কৰি সদস্যপদ গ্ৰহণ কৰিব ।