সোণাৰি: চৰাইদেউ জিলা আবকাৰী বিভাগে নামতোলা অশ্বিনীবিল, অভয়পুৰ বনাঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই৮০০লিটাৰ চুলাইৰ পাছ নষ্ট
চৰাইদেউ জিলা আবকাৰী বিভাগ আৰু নামতোলা আৰক্ষীৰ সহযোগত নামতোলা অশ্বিনীবিল আৰু অভয়পুৰ বনাঞ্চলত অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলায় ৷অভিযানকালত চৰাইদেউ জিলা আবকাৰী বিভাগে চুলাই মদৰ লগত ব্যৱহৃত পাছ ৮০০ লিটাৰ বিক্ৰী বাবে ৰখা চুলাই মদ ৬৫ লিটাৰ নষ্ট কৰে ৷ লগতে চৰাইদেউ জিলা আবকাৰী বিভাগে অবৈধ সুৰা প্ৰস্তুত কাৰী সকলৰ বিৰুদ্ধে ৩টাকৈ গোচৰ ৰুজো কৰে ৷