সোণাৰি: সোণাৰি বৰহাটত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ আছুৰ দাবী
সোণাৰিৰ বৰহাটত বৰহাট ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ খনত স্থায়ী চিকিৎসক নিযুক্তি দিবলৈ শুক্ৰবাৰে দুই বজাত সোণাৰিত আছু চৰাইদেউ জিলা সমিতিৰ দাবী জনায়। উল্লেখ্য যে বৃহত্তৰ বৰহাটৰ ৫২খন ৰাজহ গাঁৱৰ একমাত্ৰ চিকিৎসা কেন্দ্ৰ খনে ৰাইজক চিকিৎসা সেৱা আগবঢ়াই অহা এই চিকিৎসালয়খন বিভিন্ন সমস্যাই জজ্জৰিত।দীৰ্ঘ দিন ধৰি বৰহাটৰ ৰাইজে চিকিৎসা সেৱাৰ পৰা বঞ্চিত হৈ জীয়াতু ভুগিব লগা হৈছে। তদুপৰি বৃহত্তৰ অঞ্চলটোৰ ৰোগীসকলক এজনে চিকিৎসকে চিকিৎসা কৰাত অসুবিধা সন্মুখীন হ'ব লগা হয়।