সুদক্ষ আৰক্ষী বিষয়া, ওদালগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ্জল গগৈক ৰাজহুৱা বিদায় সম্বৰ্ধনা। ওদালগুৰি জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থা(আছু) , ওদালগুৰি প্ৰেছ ক্লাৱ, সদৌ ওদালগুৰি ৰঙালী বিহু সন্মিলন, ওদালগুৰি আঞ্চলিক ৰাভা ছাত্ৰ সন্থা,আক্ৰাছু,ওদালগুৰি লেখিকা সমাজ, ওদালগুৰি শাখা সাহিত্য সভা,বিষ্ণু ৰাভা কৃষ্টি সংঘ, ওদালগুৰি বণিক সন্থা ,হৰিশিঙা আঞ্চলিক ছাত্ৰ সন্থা,পুৰণি গৰৈবাৰী দুৰ্গা পূজা পৰিচালনা সমিতিৰ লগতে অৰ্ধশতাধিক অনুষ্ঠান-প্ৰতিষ্ঠান আৰু বিশিষ্ট ব্যক্তিয়ে ৰাজহুৱাকৈ বিদায় সম্বৰ্ধনা জনায় জনপ্ৰিয় আৰক্ষী বিষয়া গৰাকীক। ওদালগুৰিত বিভিন্ন সামাজিক কামেৰে ৰাইজৰ মৰম বুটলিব সক্ষম হৈছিল আৰক্ষী বিষয়া গৰাকী। কৰ্মসুত্ৰে তিনিচুকীয়া জিলালৈ বদলি হৈছে আৰক্ষী বিষয়া গৰাকী।
Udalguri Police
Assam Police
CMO Assam