হেৰাই গল এটি প্ৰতিভা। ১১ জুন তাৰিখে এটা পথ দুৰ্ঘটনাত চিৰ দিনৰ বাবে হেৰাই গল ওদালগুৰি জিলাৰ ভেৰগাঁওৰ সমৰজিৎ বড়ো। সমৰজিৎ আছিল এগৰাকী অতি সম্ভাৱনাপূৰ্ণ সংগীতশিল্পী।
মাত্ৰ ২১ বছৰ বয়সতে প্ৰচুৰ সম্ভাৱনাৰ অধিকাৰী আৰু সুমধুৰ কণ্ঠৰ গৰাকী সমৰজিৎ বড়ো বৃহত্তৰ ভেৰগাঁও অঞ্চলৰ সাংস্কৃতিক জগতৰ এজন উজ্জ্বল উদীয়মান নক্ষত্ৰ আছিল। অতি চুটি সংগীত জীৱনতেই তেওঁ নিজৰ অনন্য প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল। ২০২২ চনত বড়ো চিনে আৰ্টিষ্ট এছ’চিয়েচন (BCAA)ৰ উদ্যোগত আয়োজিত সংগীত প্ৰতিযোগিতা ‘ভইচ অফ বড়ো’ (Voice of Bodo’s)-ত তেওঁ প্ৰথম স্থান লাভ কৰি বিশেষ খ্যাতি অৰ্জন কৰে।
ইয়াৰ উপৰি, টংলা জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আয়োজিত জুবিন গাৰ্গৰ গীতৰ বাৰ্ষিক প্ৰতিযোগিতাসমূহতো তেওঁ ধাৰাবাহিকভাৱে অংশগ্ৰহণ কৰি নিজৰ দক্ষতাৰ পৰিচয় দিয়ে। ২০২২ চনত দ্বিতীয় স্থান, ২০২৩ চনত দ্বিতীয় স্থান আৰু ২০২৪ চনত তৃতীয় স্থান লাভ কৰি তেওঁ ক্লাৱৰ এজন অপৰিহাৰ্য আৰু অতি মৰমৰ সতীৰ্থ হিচাপে পৰিগণিত হৈছিল।
তদুপৰি, ২০২৪ চনত আধুনিক সংগীত প্ৰতিযোগিতাত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত দ্বিতীয় স্থান লাভ কৰি টংলা মহাবিদ্যালয়লৈও গৌৰৱ কঢ়িয়াই আনিছিল।
কম বয়সত কৰ্মজীৱনৰ লগতে সামাজিক জীৱনতো সক্ৰিয়ভাৱে জড়িত সমৰজিৎ বড়ো বৰ্তমান নিখিল বড়ো ছাত্ৰ সন্থা (ABSU), ভেৰগাঁও আঞ্চলিক সমিতিৰ সহকাৰী সাংস্কৃতিক সম্পাদক (Assistant Cultural Secretary) পদত দায়িত্ব পালন কৰি আছিল।