Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi
image
image
image

কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ অগ্ৰগতি, পঞ্জীয়ন প্ৰক্ৰিয়া অধিক গতিশীল কৰা আৰু আঁচনি খনৰ সফল ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত এখন বিশেষ পৰ্যালোচনা সভাৰ আয়োজন কৰা হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ‌ সঞ্চালনাত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত সভাত অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) ড০ ময়ূৰপংখী বৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী, গাঁও প্ৰধান আৰু বি. এল. অ' সকলৰ সৈতে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰা, নিৰ্ধাৰিত সময়ৰ ভিতৰত সৰ্বাধিক কৃষকৰ পঞ্জীয়ন নিশ্চিত কৰা, পঞ্জীয়ন সময়ত সম্মুখীন হোৱা মাটি বাৰি সংক্ৰান্তিয় বিভিন্ন সমস্যা আৰু ইয়াৰ নিস্পত্তি, কৃষক পঞ্জীয়ন ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া ব্যৱস্থাপনা আদি বিশদভাৱে আলোকপাত কৰা হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী সকলক কৰ্তব্যত গাফিলতি নকৰি নিয়াৰিকৈ বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন শিবিৰৰ জৰিয়তে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সফল ৰূপায়ণ প্ৰসংগত মতপোষণ কৰে। উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া গৰাকীয়ে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা, কৃষক পঞ্জীয়নৰ জৰিয়তে কৃষক সকলে কেনেদৰে বিভাগীয় আঁচনিৰ সুবিধা লাভ কৰিব আদি বিষয়ত মন্তব্য কৰি কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া নিয়োজিত বিষয়া কৰ্মচাৰী সকলক বিভাগৰ দ্বাৰা আয়োজিত বিশেষ শিবিৰৰ সমূহ ফলপ্ৰসূ কৰিবলৈ আহ্বান জনায়। আজি আয়োজিত বিশেষ কাৰ্যসূচীত কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিশেষ প্ৰতিনিধি নয়নজ্যোতি বৰুৱা, মৰিগাঁও চক্ৰৰ ৰাজহ চক্ৰ বিষয়া কংকন জ্যোতি শইকীয়া, মিকিৰ ভেটা চক্ৰৰ ৰাজহ চক্ৰ বিষয়া অজিতাভ ভৌমিক, জিলা ন'ডেল বিষয়া মুছাহিদ ফাৰুকী, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুচেইন, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কিশোৰ কলিতা, কৃষি উন্নয়ন বিষয়া সকল, কৃষি পৰিদৰ্শক ৰাজেন ডেকা, মিডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথকে প্ৰমুখ্য কৰি সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে।

Laharighat, Morigaon | Jun 30, 2026

MORE NEWS

লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।

লাহৰীঘাটত ৬ টাকৈ কুখ্যাত চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ। যোৱা নিশা লাহৰীঘাট আৰু ভূৰাগাঁও থানাৰ আৰক্ষীয়ে অভিযান চলাই চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ধৃত চাইবাৰ অপৰাধী কেইটা হল বাবুল ইছলাম, আজাহাৰুল ইছলাম, ইনামূল কৰিম, জইদুল ইছলাম, ইজাহাৰুল ইছলাম আৰু হাফিজ উদ্দিন।মৈৰাবাৰী থানাৰ চাইবাৰ অপৰাধৰ গোচৰৰ ভিত্তিত চাইবাৰ অপৰাধী কেইটাক গ্ৰেপ্তাৰ কৰে।

Laharighat, Morigaon | Aug 3, 2026

লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লাহৰীঘাটৰ টেঙাগুৰি মজলীয়া বিদ্যালয়ত নিশা চুৰি কাণ্ড ।চোৰে এটা বিদ্যুৎ চালিত মটৰ আৰু চিলিং ফেন দুটা চুৰি কৰি লৈ যায়। বিদ্যালয়খনৰ ষ্টোৰ ৰুমৰ টিনপাত উঠাই ভিতৰত সোমাই বিদ্যুৎ চালিত এটা মটৰ চুৰি কৰি লৈ যায়। ইয়াৰ উপৰি দুটা চিলিং ফেন চুৰি কৰি লৈ যায়। লাহৰীঘাটৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ প্ৰচলন বৃদ্ধি পোৱাত সঘনাই চুৰি কাৰ্য সংঘটিত হৈ আহিছে বুলি স্হানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

Laharighat, Morigaon | Aug 3, 2026

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ 
শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

দিল্লীৰ যন্তৰ মন্তৰত ছাত্ৰ-ছাত্ৰীৰ ওপৰত দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে লাহৰীঘাটত আমছুৰ প্ৰতিবাদ। জুম্মা নামাজ আদায় কৰি লাহৰীঘাট আমছুয়ে দিল্লী আৰক্ষীৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দিল্লী পুলিচ হাই হাই, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰক, ছাত্ৰ ছাত্ৰীৰ ওপৰত নিৰ্যাতন বন্ধ কৰক আদি শ্লোগানেৰে উত্তাল কৰি তোলে লাহৰীঘাটৰ পৰিৱেশ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ কৰাৰ লগতে শিক্ষা ব্যৱস্থাৰ সংস্কাৰ কৰাৰ দাবী আমছুৰ।

Laharighat, Morigaon | Jul 29, 2026

কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ অগ্ৰগতি, পঞ্জীয়ন প্ৰক্ৰিয়া অধিক গতিশীল কৰা আৰু আঁচনি খনৰ সফল ৰূপায়ণ সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্যে আজি মৰিগাঁও জিলা কৃষি কাৰ্যালয়ৰ উদ্যোগত এখন বিশেষ পৰ্যালোচনা সভাৰ আয়োজন কৰা হয়। জিলা কৃষি বিষয়া দিলীপ কুমাৰ বৰাৰ‌ সঞ্চালনাত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত সভাত অতিৰিক্ত জিলা আয়ুক্ত (কৃষি) ড০ ময়ূৰপংখী বৰা মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সভাত কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী, গাঁও প্ৰধান আৰু বি. এল. অ' সকলৰ সৈতে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰা, নিৰ্ধাৰিত সময়ৰ ভিতৰত সৰ্বাধিক কৃষকৰ পঞ্জীয়ন নিশ্চিত কৰা, পঞ্জীয়ন সময়ত সম্মুখীন হোৱা মাটি বাৰি সংক্ৰান্তিয় বিভিন্ন সমস্যা আৰু ইয়াৰ নিস্পত্তি, কৃষক পঞ্জীয়ন ক্ষেত্ৰত গ্ৰহণ কৰিব লগীয়া ব্যৱস্থাপনা আদি বিশদভাৱে আলোকপাত কৰা হয়। এই সভাত অতিৰিক্ত জিলা আয়ুক্ত গৰাকীয়ে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াত নিয়োজিত বিষয়া কৰ্মচাৰী সকলক কৰ্তব্যত গাফিলতি নকৰি নিয়াৰিকৈ বিভাগৰ দ্বাৰা আয়োজিত বিভিন্ন শিবিৰৰ জৰিয়তে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া সফল ৰূপায়ণ প্ৰসংগত মতপোষণ কৰে। উক্ত অনুষ্ঠানত জিলা কৃষি বিষয়া গৰাকীয়ে কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ প্ৰয়োজনীয়তা, কৃষক পঞ্জীয়নৰ জৰিয়তে কৃষক সকলে কেনেদৰে বিভাগীয় আঁচনিৰ সুবিধা লাভ কৰিব আদি বিষয়ত মন্তব্য কৰি কৃষক পঞ্জীয়ন প্ৰক্ৰিয়া নিয়োজিত বিষয়া কৰ্মচাৰী সকলক বিভাগৰ দ্বাৰা আয়োজিত বিশেষ শিবিৰৰ সমূহ ফলপ্ৰসূ কৰিবলৈ আহ্বান জনায়। আজি আয়োজিত বিশেষ কাৰ্যসূচীত কৃষি মন্ত্ৰী পীয়ুষ হাজৰিকাৰ বিশেষ প্ৰতিনিধি নয়নজ্যোতি বৰুৱা, মৰিগাঁও চক্ৰৰ ৰাজহ চক্ৰ বিষয়া কংকন জ্যোতি শইকীয়া, মিকিৰ ভেটা চক্ৰৰ ৰাজহ চক্ৰ বিষয়া অজিতাভ ভৌমিক, জিলা ন'ডেল বিষয়া মুছাহিদ ফাৰুকী, মহকুমা কৃষি বিষয়া মেহেদী আৰিফ হুচেইন, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া কিশোৰ কলিতা, কৃষি উন্নয়ন বিষয়া সকল, কৃষি পৰিদৰ্শক ৰাজেন ডেকা, মিডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথকে প্ৰমুখ্য কৰি সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। - Laharighat News