ওদালগুৰি: ডিমাকুছিৰ চেখৰ শংকৰদেৱ উচ্চতৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত বৃহৎ স্বাস্থ্য শিবিৰৰ
ৰাজ্য চৰকাৰৰ সেৱাই সমৰ্পন কাৰ্যসূচীৰ অংশস্বৰূপে আজি ওদালগুৰি জিলাৰ ভেৰগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত চেখৰ শংকৰদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত "শুশ্ৰুষা সেতু" শীৰ্ষক এখনি বৃহৎ স্বাস্থ্য শিবিৰ অনুস্থিত কৰা হয়। ওঠৰ (১৮)বছৰৰ তলৰ শিশু আৰু কিশোৰ কিশোৰী সকলক চিকিৎসা প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে প্ৰতিটো বিধান সভা সমষ্টিতে এই বিশেষ স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছে।