সাপেখাতী: বৰহাটৰ ভেছেলীপথাৰত এডাল অজগৰ উদ্ধাৰ বন বিভাগে দিল্লী সংৰক্ষিত বনাঞ্চলত এৰি দিয়ে
বিমলাপুৰ খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত বৰহাট অঞ্চলৰ ভেচেলীপথাৰ গাঁৱৰ নিৱাসী প্ৰৱীণ গগৈৰ বাৰীত সোমবাৰে ২ঃ৩০ বজাত এটা প্ৰকাণ্ড অজগৰ সাপ ৰাইজে প্ৰত্যক্ষ কৰি বিমলাপুৰ খণ্ড বন বিষয়াক খবৰ দিয়ে। খবৰ পাই বিমলাপুৰ বন বিভাগে অজগৰ সাপটো উদ্ধাৰ কৰি খণ্ড বন বিষয়া কাৰ্যালয় হালোৱা খণ্ডৰ অধীনৰ দিল্লী সংৰক্ষিত বনাঞ্চলত মুকলি কৰি দিয়ে বুলি জানিবলৈ দিয়ে।