সাপেখাতী: বৰহাট বাগিচা উৰাং লাইনৰ দীলিপ লোহাৰ নামৰ এজন লোক বাংগালোৰত কাম বিচাৰি গৈ নিৰুদ্দেশ হোৱা বুলি শনিবাৰে কয় পৰিয়ালে
বৰহাট চাহ বাগিচাৰ উৰাং লাইনৰ নিবাসী দীলিপ লোহাৰ নামৰ নামৰ এজন লোক ৰেলৰ জড়িয়তে বাংগালোৰলৈ গৈ থকা অৱস্থাতে নিৰুদ্দেশ হয় বুলি পৰিয়ালে শনিবাৰে আবেলি ৩ঃ৩০বজাত বৰহাট আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে। ইপিনে নিৰুদ্দিষ্ট দীলিপ লোহাৰৰ সম্ভেদ পালে 8822073604 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে আহ্বান জনাইছে ৰাইজক ।