সাপেখাতী: লাকিলী হাবিৰ সংগীতা ফুকন নামৰ এগৰাকী বোৱাৰী বহিঃৰাজ্যত নিৰুদ্দেশ
লাকিলী হাবি গাঁৱৰ নিবাসী বিতুল ফুকনৰ পত্নী সংগীতা ফুকন নামৰ দুটা সন্তানৰ মাতৃ গৰাকী চেন্নাইত কামৰ কৰি থকা অৱস্থাত নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে। চৰাইপুং আৰক্ষী থানাৰ অন্তৰ্গত লাকিলী হাবি গাঁৱৰ সংগীতা ফুকনে ঘৰুৱা আৰ্থিক অৱস্থা শোচনীয় হোৱাৰ বাবে চেন্নাইত কাম কৰিবলৈ গৈ কৰ্মস্থলীৰ পৰা নিৰুদ্দেশ হোৱাত পৰিয়ালে আজি ১১-৩০ বজাত চৰাইপুং আৰক্ষী থানাত এখন এজাহাৰ দিয়ে।