সাপেখাতী: ভূঞাখাতৰ জোনমণি ৰাজকোঁৱৰ নামৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত ভূঞাখাত গাৱঁৰ নিবাসী তুমন ৰাজকোঁৱৰ পত্নী জোনমণি ৰাজকোঁৱৰ নামৰ এটা সন্তানৰ মাতৃ গৰাকী ধেমাজিৰ মাজখোৱা থানাৰ অন্তৰ্গত চৌখাম গাঁৱৰ মাকৰ ঘৰলৈ যোৱাৰ পথত নিৰুদ্দেশ হয়।এই সন্দৰ্ভত পৰিয়ালে দেওবাৰে আবেলি ৪বজাত বৰহাট আৰক্ষী থানাত এখন এজাহাৰ দিয়ে। নিৰুদ্দিষ্ট জোনমণি ৰাজকোঁৱৰ সম্ভেদ পালে 60014 92083 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালে অনুৰোধ জনাইছে।